চাঞ্চল্যকৰ ঘটনা! দুৰ্বৃত্তৰ আক্ৰমণত আহত দুগৰাকী আৰক্ষী বিষয়া…

কৰিমগঞ্জত চাঞ্চল্যকৰ ঘটনা।

দুৰ্বৃত্তৰ আক্ৰমণত আহত দুগৰাকী আৰক্ষী বিষয়া।

আহত নিলামবজাৰ থানাৰ আৰক্ষী বিষয়া। এগৰাকী আৰক্ষী জোৱানো আহত হৈছে দুৰ্বৃত্তৰ আক্ৰমণত।

আঘাতপ্ৰাপ্ত ছেকেণ্ড OC প্ৰদীপ সিনহা আৰু জোৱান গৌতম মহন্ত।

ব্ৰাহ্মণশাসন শিৱবাৰী এলেকাত সংঘটিত এই ঘটনা।

নাবালিকাৰ নিৰ্যাতনৰ ঘটনাৰ তদন্তৰ বাবে গৈছিল আৰক্ষীৰ দল।

আৰক্ষীৰ ওপৰত আক্ৰমণ অভিযুক্ত গৌতম শুক্লবৈদ্যৰ।

ঘটনাস্থলীত উপস্থিত হয় নিলামবজাৰ থানাৰ ওচি দীপজ্যোতি মালাকাৰ।

আৰক্ষী বাহিনীৰ বৃহৎ দল লৈ উদ্ধাৰ কৰে ভুক্তভোগীদ্বয়ক।

আক্ৰমণকাৰী গৌতম শুক্লবৈদ্যক আটক কৰে আৰক্ষীয়ে।