শোকাৱহ! বিদ্যালয়লৈ যোৱাৰ পথত দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিক্ষক হেমন্ত বৈশ্যই, অঞ্চলজুৰি শোকৰ ছাঁ…

এক শোকাৱহ ঘটনা।

বাইক দুর্ঘটনা আহত হৈ চিকিৎসাধীন হৈ অৱস্থাত এগৰাকী শিক্ষকৰ মৃত্যুক লৈ চাঞ্চল্য।

ঘগ্ৰাপাৰৰ সমীপৰ পাটকাটা গাও নিবাসী তথা ঘগ্ৰাপাৰ হাইস্কুলৰ সহকাৰী শিক্ষক হেমন্ত বৈশ্যৰ (৫৭) অকাল মৃত্যুত সমগ্ৰ ঘগ্ৰাপাৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।

জানিব পৰা মতে যোৱা ১০ ছেপ্টেম্বৰত নিজৰ ঘৰৰ পৰা বাইকেৰে কৰ্মস্থলী ঘগ্ৰাপাৰ হাইস্কুললৈ গৈ থাকোতে শিক্ষানুষ্ঠানখনৰ পৰা প্রায় ১০০ মিটাৰ দূৰত এক বাইক দুর্ঘটনা সংঘটিত হয়।

লগে লগে সংকটজনক অৱস্থাত গুৱাহাটী জি এন আৰ চি হাস্পতাললৈ নিয়া হয় যদিও আজি বুধবাৰে পুৱা ৯ মান বজাত চিকিৎসাধীন অৱস্থাত শিক্ষকজনৰ মৃত্যু হয়।

অতি অমায়িক আৰু সহজ-সৰলভাৱে জীৱন নিৰ্বাহ কৰা শিক্ষকজনে ১৯৯০ চনত ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলত যোগদান কৰি শিক্ষকতা জীৱনৰ পাতনি মেলে।

অপ্ৰদেশীকৰন অৱস্থাত শিক্ষক হিচাপে কাম কৰাৰ পিছত ২০০৮ চনত ঘগ্ৰাপাৰ হাইস্কুলত যোগদান কৰে।

হেমন্ত বৈশ্য নলবাৰী জিলা ছাত্ৰ সন্থা, বৰবৰী আঞ্চলিক ছাত্র সন্থা, ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিভিন্ন পদবীত থাকি সামাজিক কাম কাজত জড়িত হৈ মৃত্যুৰ আগমুহূৰ্তলৈ পূব নলবাৰী আঞ্চলিক শংকৰ সংঘৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

তেওঁৰ মৃতদেহ ঘগ্ৰাপাৰ হাইস্কুলত শোকাকুল পৰিৱেশৰ মাজত ৰাজহুৱাভাৱে শেষ বিদায় জনোৱা হয়।

মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী কন্যাসহ অনেক গুণমুগ্ধক এৰি থৈ যায়।