বিদ্যালয়ৰ যিকোনো অনুষ্ঠানতে অসমৰ জাতীয় সংগীত পৰিৱেশনৰ নিৰ্দেশ শিক্ষা বিভাগৰ…

ৰাজ্যৰ শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা।

বিদ্যালয়ৰ যিকোনো অনুষ্ঠানতে অসমৰ জাতীয় সংগীত পৰিৱেশনৰ নিৰ্দেশ শিক্ষা বিভাগৰ।

এতিয়াৰে পৰা বিদ্যালয়ৰ সকলো অনুষ্ঠানতে বাধ্যতামূলকভাৱে পৰিৱেশন কৰিব লাগিব অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’।

শিক্ষামন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এই সন্দৰ্ভত অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা এক নিৰ্দেশনা প্ৰকাশ কৰা হৈছে।

নিৰ্দেশনাটোৰ জড়িয়তে এই সন্দৰ্ভত সকলো প্ৰতিষ্ঠানৰ মুৰব্বীক তৎক্ষণাৎ উপযুক্ত নিৰ্দেশনা জাৰী কৰিবলৈ আহ্বান কৰা হৈছে।