অসমঅসমীয়া

বাংলাদেশী মুছলমানৰ বাবেই হৈছে মূল্যবৃদ্ধিঃ এইবাৰ উদ্ভট মন্তব্য শিলাদিত্য দেৱৰ

নিউজ ডেস্কঃ মূল্যবৃদ্ধিক লৈ শাসকীয় নেতা-মন্ত্ৰী-বিধায়কৰ উদ্ভট মন্তব্য নতুন কথা নহয়। কিন্তু তেনে পূৰ্বৰ সকলো মন্তব্যকে চেৰ পেলাই যেন এইবাৰ মন্তব্য কৰিলে বিজেপি বিধায়ক শিলাদিত্যদেৱে।

বাংলাদেশী মুছলমানৰ বাবেই মূল্যবৃদ্ধি হোৱা বুলি দাবী কৰি বিতৰ্কিত শিলাদিত্যদেৱে কয়, ‘ভাৰতৰ ডেৰ শতাংশ লোকেহে কৰ প্ৰদান কৰে। আৰু তেওঁলোকেই বাংলাদেশী মুছলমানসকলক খুৱাই আছে। সিঁহতে খায়ও বেছিকৈ। গতিকে মূল্যবৃদ্ধি হবই।’

হিন্দুৰ ঘৰত যদি দুটা সন্তান থাকে, তেন্তে মুছলমানৰ ঘৰত ৪০ টা ‘পোৱালী’ থাকে বুলিও মন্তব্য কৰে শিলাদিত্যদেৱে। এনেবোৰ কাৰণতে এতিয়া বস্তুৰ মূল্য হোৰাহোৰে বৃদ্ধি পাইছে বুলি কয় বিজেপি নেতাজনে।

আনহাতে বৰ্তমান অসমৰ সকলোফালে বাংলাদেশী মুছলমানেৰে ভৰি পৰিছে বুলি কয় শিলাদিত্যদেৱে। তেওঁ দাবী কৰে যে বাংলাদেশী মুছলমান সকলে এতিয়া আইএএছ, আইপিএছ হ’বলৈ গৈ ক্ষমতা দখলতো উঠিপৰি লাগিছে। দুদিন পিছত অসম আৰক্ষীও বাংলাদেশী মুছলমানেৰে ভৰি পৰিব বুলি মন্তব্য কৰে শিলাদিত্যদেৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *