অসম

হত্যাকাণ্ডৰ অভিযুক্তৰ পৰিয়ালৰ হুংকাৰঃ আৰক্ষীৰ হাতত নাজিদুৰৰ কিবা হ’লে সমগ্ৰ গাঁও জ্বলাই দিম…

নিউজ ডেস্ক- গোলাঘাটৰ আঠখেলীয়াত চুৰি কৰিবলৈ গৈ সংঘটিত হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত নাজিদুৰ ইছলামৰ আত্মীয়ই এইবাৰ দিলে গাঁও জ্বলাই দিয়াৰ ভাবুকি।

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ থকা নাজিদুৰৰ আত্মীয়ৰ ভাবুকিক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

উল্লেখ্য যে, আঠখেলীয়াত চুৰি কৰিবলৈ ঘৰত প্ৰৱেশ কৰা নাজিদুৰৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল দিব্যজ্যোতি দাস নামৰ এজন ব্যক্তিয়ে। আনহাতে আহত হৈছিল তেওঁৰ পত্নী আৰু কণমানি কন্যা।

এই লোমহৰ্ষক কাণ্ডৰ পিছতে আৰক্ষীয়ে নাজিদুৰক গ্ৰেপ্তাৰ কৰে। কিন্তু থানাৰ মজিয়াত পৰি সামান্যভাৱে আহত হয় হত্যাকাৰী নাজিদুৰ। ইয়াৰ পিছতে হাস্পতালত চিকিৎসাধীন অৱস্থাত ভিডিঅ’যোগে আৰক্ষীৰ বিৰুদ্ধে অভিযোগ তোলে হত্যাকাৰীজনে।

image 58

আৰক্ষীয়ে ভয়-ভাবুকি প্ৰদান কৰাৰ লগতে গুলিয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা বুলি নাজিদুৰে অভিযোগ উত্থাপন কৰাৰ পিছতে উত্তেজিত হৈ পৰে তাৰ আত্মীয়-পৰিয়াল।

আৰক্ষীৰ জিম্মাত নাজিদুৰৰ কিবা হলে কথা বিষম হব বুলি মুকলিকৈ ভাবুকি দি নাজিদুৰৰ আত্মীয়ই সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ।

আনহাতে হত্যাকাৰী নাজিদুৰৰ আত্মীয়ই চিকিৎসালয়ত এগৰাকী নাৰ্ছক শাৰীৰিকভাৱে অপদস্ত কৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে সমগ্ৰ ঘটনাক লৈ সৃষ্টি হৈছে আন এক প্ৰতিক্ৰিয়াৰ।

ইফালে হত্যাকাৰী নাজিদুৰক ফাঁচীৰ শাস্তি বিহাৰ দাবী জনাইছে দিব্যজ্যোতিৰ পৰিয়ালে।

ইফালে গাঁও জ্বলাই দিয়াৰ ভাবুকি দিয়া আবিদুৰ, মইদুৰ আৰু ৱাহিদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *