অসম

পোহৰলৈ আহিছে বটদ্ৰৱা কাণ্ডৰ নতুন তথ্য, অগ্নিসংযোগৰ পূৰ্বেই জ্বলাই দিয়া হৈছিল থানাৰ ফাইল…

পোহৰলৈ আহিছে বটদ্ৰৱা কাণ্ডৰ নতুন তথ্য।

অগ্নিসংযোগ কৰাৰ পূৰ্বেই জ্বলাই দিয়া হৈছিল থানাৰ ফাইল।

এক ভিডিঅ’ই এই সন্দৰ্ভত সৃষ্টি কৰিছে সন্দেহ।

image 57

প্ৰথমে থানাৰ ভিতৰত থকা ফাইলত কোনো দুষ্কৃতিকাৰীয়ে কৰিছিল অগ্নিসংযোগ।

উল্লেখ্য যে, আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা থানাত সংঘটিত হৈছিল লংকাকাণ্ড।

প্ৰায় ২ হাজাৰ লোকে বটদ্ৰৱা থানাত চলাইছিল ধ্বংসলীলা।

শোহতীয়াকৈ পোহৰলৈ অহা এক ভিডিঅ’ অনুসৰি, থানাত অগ্নিসংযোগ কৰাৰ পূৰ্বেই একাংশ দুষ্কৃতিকাৰীয়ে থানাৰ ভিতৰত থকা বিভিন্ন নঠি-পত্ৰ তথা ফাইলসমূহত অগ্নি সংযোগ কৰিছিল।

ফাইলসমূহ জ্বলাই দি পূৰ্বৰ ৰেকৰ্ড ধ্বংস কৰিছিল এইসকল দুষ্কৃতিকাৰীয়ে।

থানাৰ ভিতৰত প্ৰথমে ফাইলসমূহ জ্বলাই দিয়াৰ এই ভিডিঅ’ পোহৰলৈ অহাত এতিয়া প্ৰায় নিশ্চিত হৈছে যে, পূৰ্ব পৰিকল্পতিভাৱে একাংশ দুষ্কৃতিকাৰীয়ে আহি থানাৰ ভিতৰত ৰেকৰ্ড ধ্বংসৰ বাবে ফাইলত অগ্নি সংযোগ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *