অসম

মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহনৰ পৰা চোৰে নিলে মিউজিক চিষ্টেম, CRPF-ৰ গাড়ী চালকক আটক…

এইবাৰ চুৰিকাণ্ড সংঘটিত হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ বাহনত।

চোৰে মুখ্যমন্ত্ৰীৰ এছকোৰ্টৰ বাহনৰ পৰা চুৰি কৰিলে মিউজিক চিষ্টেম।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে তীব্ৰতৰ কৰি তোলে অভিযান।

মিউজিক চিষ্টেম চুৰি হোৱা গাড়ীখন আছিল মিনিষ্টাৰ কলনীত।

ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে চাহাবুদ্দিন আলী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

চাহাবুদ্দিনে চিআৰপিএফৰ গাড়ী চলায়।

এই চাহাবুদ্দিনৰ গাড়ীৰ চিটৰ তলৰ পৰাই উদ্ধাৰ কৰা হৈছে চুৰি হোৱা মিউজিক চিষ্টেমটো।

Leave a Reply

Your email address will not be published. Required fields are marked *