বাংলাদেশত উদ্ধাৰ ব্ৰহ্মপুত্ৰত উটি যােৱা অসমৰ যুৱকৰ মৃতদেহ

নিউজ ডেস্ক। ব্ৰহ্মপুত্ৰৰ সােঁতত উটি যােৱা অসমৰ যুৱকৰ মৃতদেহ পালেগৈ বাংলাদেশ।

উল্লেখ্য যে দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ শিশুমাৰাৰ ব্ৰহ্মপুত্ৰ নদীত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

মৃতদেহটো সুখচৰ থানাৰ অন্তৰ্গত শান্তিপুৰৰ শিক্ষক আব্দুৰ ৰহিমৰ পুত্ৰ ৰাশিদুল ইছলাম বুলি চিনাক্তকৰণ কৰা হৈছে।

G3
বাংলাদেশত উদ্ধাৰ ব্ৰহ্মপুত্ৰত উটি যােৱা অসমৰ যুৱকৰ মৃতদেহ 2

জানিব পৰা মতে, দুদিন ধৰি ঘৰৰ পৰা সন্ধানহীন হৈ থকা যুৱকজনে ব্ৰহ্মপুত্ৰত জাঁপ দি চৰম পথ বাছি লােৱাৰ সন্দেহ কৰা হৈছে।

যুৱকজনৰ মৃতদেহৰ ফটো চাই ইতিমধ্যে পৰিয়ালৰ লোকে চিনাক্তকৰণৰ কৰিছে।

ইপিনে বিশেষ সূত্ৰে জানিব পৰামতে বাংলাদেশত মৃতদেহটো উদ্ধাৰ হৈছে যদিও আইনী প্ৰক্ৰিয়াৰে সীমান্তত ফ্লেগ মিটিঙৰ জৰিয়তে ভাৰতক গতাই দিব।

ঘটনা সন্ধৰ্ভত খাৰুৱাবান্ধা আৰক্ষীয়ে তদন্ত অব্যহত ৰাখিছে।

লগতে চাওকঃ

শৰাইঘাট দলঙৰ পৰা মৰণজাঁপ যুৱকৰ, ৬ কিলােমিটাৰ দূৰত জীৱন্তে উদ্ধাৰ মাছমৰীয়াৰ