সাধৰণ জনতালৈ কিছু সকাহ! আজিৰে পৰা হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ লগতে গেছ চিলিণ্ডাৰৰ মূল্য…

সাধৰণ জনতাক কিছু সকাহ।

আজিৰে পৰা পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাসৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ।

প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলত ৪০ পইচাকৈ দাম হ্ৰাস।

এই নতুন মূল্য আজি ১ নৱেম্বৰ মঙলবাৰে পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হ’ব।

বিগত ৭ মাহৰ ভিতৰত এইয়ে প্ৰথমবাৰৰ বাবে হ্ৰাস পাইছে খাৰুৱা তেলৰ মূল্য।

নতুন দিল্লীত সোমবাৰে পেট্ৰ’লৰ মূল্য আছিল 96.72 টকা, আনহাতে মুম্বাইত ই আছিল 106.31 টকা।

আন্তৰ্জাতিক খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাৰ বাবে মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা আছিল আৰু বিগত কিছু সময়ৰ পৰা মূল্য় স্থিৰ হৈ আছিল।

আনহাতে কমাৰ্চিয়েল চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছে সমগ্ৰ দেশতে।

আজিৰে পৰা প্ৰতিটো ১৯ কেজিৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ মূল্য ১১৫.৫০ টকা হ্ৰাস কৰা হৈছে।

আনহাতে ঘৰুৱা চিলিণ্ডাৰৰ মূল্যত কোনো সালসলনি নাই। পূৰ্বৰ নিৰিখতে ৰখা হৈছে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য।

উল্লেখ্য় যে, ৬ জুলাইৰ পৰা স্থিৰ হৈ আছে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য।