পৰিবহন নিগমৰ বাছত প্ৰচণ্ড খুন্দা স্কুটীৰ, থিতাতে প্ৰাণ গ’ল এজনৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

অসম ৰাজ্যিক পৰিবহন বিগমৰ বাছত প্ৰচণ্ড জােৰে খুন্দা মাৰি বিধ্বস্ত এখন তীব্ৰবেগী স্কুটী।

থিতাতে প্ৰাণ গ’ল স্কুটী আৰোহী যুৱকজনৰ।

এই দুৰ্ঘটনাৰ স্থান শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ।

G2
পৰিবহন নিগমৰ বাছত প্ৰচণ্ড খুন্দা স্কুটীৰ, থিতাতে প্ৰাণ গ’ল এজনৰ 3

জানিব পৰা মতে, চেগুন চাৰিআলিৰ সমীপত ডিব্ৰুগড় অভিমুখী এখন পৰিবহণ নিগমৰ এছ ০২ ১৮৩৬ নম্বৰৰ দিবা-নৈশ বাছৰ সৈতে বিপৰীত দিশৰ পৰা অহা এ এছ ০৪ এল, ৬৫১৭ নম্বৰৰ স্কুটীখনৰ সংঘৰ্ষ হয়।

এই দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে ডিমৌৰ নিৱাসী জগদীশ দাস নামৰ লােকজনৰ।

প্রাপ্ত বাতৰি মতে, জগদীশ দাস নামৰ লােকজনে স্কুটীখনেৰে ডিমৌৰ পৰা যোৰহাট অভিমুখে গৈ থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

vlcsnap 2022 11 01 07h48m39s255
পৰিবহন নিগমৰ বাছত প্ৰচণ্ড খুন্দা স্কুটীৰ, থিতাতে প্ৰাণ গ’ল এজনৰ 4

ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাছখনৰ বাম্পাৰৰ লোৰ অংশ ভিতৰলৈ সোমাই পৰাৰ লগতে স্কুটীখন বাছখনৰ তলত সোমাই পৰে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগেই শিৱসাগৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

লগতে চাওকঃ

শৰাইঘাট দলঙৰ পৰা মৰণজাঁপ যুৱকৰ, ৬ কিলােমিটাৰ দূৰত জীৱন্তে উদ্ধাৰ মাছমৰীয়াৰ