অসমীয়াঅসমৰাষ্ট্ৰীয়

বহিঃৰাজ্যত কৰ্মৰত অসমৰ যুৱকৰ পথ দুৰ্ঘটনাত শােকাৱহ মৃত্যু

নিউজ ডেস্ক। পুনৰ বহিঃৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিকৰ দুৰ্ঘটনাত মৃত্যুৰ খবৰ।

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত দুৰ্ঘটনাত কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ যুৱকৰ মৃত্যু ঘটে।

নিহত যুৱকজন গৰৈমাৰীৰ আচলপাৰাৰ নুৰ হুছেইন বুলি জানিবপৰা গৈছে।

G7

যুৱকজনে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত কৰ্মৰত আছিল।

যুৱকজনে কৰ্মৰত প্ৰতিষ্ঠানটোৰ মালিকৰ পুত্ৰৰ সৈতে বাইকলৈ এখন বিয়া অনুষ্ঠানলৈ গৈ থকা অৱস্থাত এখন ব’লেৰ গাড়ীয়ে খুন্দিয়াই পলায়ন কৰে।

তীব্ৰ বেগী ব’লেৰো গাড়ীৰ খুন্দাত থিতাতে নিহত হয় বাইকৰ আৰোহী যুৱক দুজন৷

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ গৰৈমাৰী অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *