অসমঅসমীয়া

শোকাবহ! কনিষ্ঠ ভাতৃক বচাবলৈ গৈ একেলগে সলিল সমাধি ৩ ভাতৃৰ

নিউজ ডেস্ক। ডিব্ৰুগড় জিলাৰ টিংখঙৰ ২নং ৰঙাবননিত শোকাবহ ঘটনা।

পুখুৰীত পৰি সলিল সমাধি তিনি ভাতৃৰ।

বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই সকৰুণ ঘটনা।

পুখুৰীত পৰা কনিষ্ঠ ভাতৃক বচাবলৈ যাওতে মৃত্যুক সাৱটি লয় আন দুজন ভাতৃয়েও।

জানিব পৰা মতে, পুৱা পথাৰত হাল বাই উঠাৰ পিছত গৰু মেলি দিছিল তিনি ভাতৃয়ে।

তাৰ পিছতে পুখুৰীত হাত-ভৰি ধুই থাকোতেই পৰি যায় কনিষ্ঠ ভাতৃ।

লগে লগে আন দুজন ভাতৃয়েও পুখুৰীত জাপ দি ভাতৃক উদ্ধাৰ কৰিবলৈ চেষ্টা চলায়।

কিন্তু তিনিও ভাতৃৰে সলিল সমাধি ঘটে।

স্থানীয় ৰাইজে ইতিমধ্যে কনিষ্ঠ ভাতৃৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও এতিয়া উদ্ধাৰ কৰিব পৰা নাই আন দুজনক।

জানিব পৰা মতে, জ্যেষ্ঠ ভাতৃৰ নাম আছিল পুলিন আছিল বিবাহিত।

আনহাতে আন দুজন ভাতৃৰ এজনে এইবাৰ মেট্ৰিক পৰীক্ষা দিছিল, আৰু আনজন আছিল নৱম শ্ৰেণীৰ ছাত্ৰ।

ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষীৰ দল।

Leave a Reply

Your email address will not be published. Required fields are marked *