বলীউড জগতৰ এক দুঃখবৰ।
বলীউডৰ প্ৰবীণ অভিনেতা অৰুণ বালী আৰু নাই।
শুকুৰবাৰে পুৱা প্ৰায় ৪.৩০ বজাত ৭৯ বছৰ বসয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।
3 Idiots, PK, কেডাৰনাথ, পাণিপথৰ দৰে বলীউডৰ বহু জনপ্ৰিয় ছবিত অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল অভিনেতাগৰাকীয়ে।
১৯৪২ চনত পঞ্জাৱৰ জলন্ধৰত জন্ম গ্ৰহণ কৰিছিল অভিনেতাগৰাকীয়ে।
শেষবাৰৰ বাবে আমিৰ খানৰ লাল সিং ছদ্দা ছবিখনত অভিনয় কৰা দেখা গৈছিল।
কনৱাৰ সিং নামেৰে খ্যাত আছিল প্ৰবীণ অভিনেতাগৰাকী।
শেহতীয়াকৈ ‘গুডবাই’ নামৰ ছবিত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে।