অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ অমল ৰাজখোৱাৰ দেহাৱসান।
যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে।
হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ড০ অমল ৰাজখোৱা।
৩০ খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছিল সাহিত্যিক গৰাকীয়ে।
ইয়াৰ উপৰিও পৱিত্ৰ শ্লোক সংস্কৃতৰ পৰা অসমীয়ালৈ তৰ্জমা কৰিছিল ড০ অমল ৰাজখোৱাই।
ড০ অমল ৰাজখোৱাৰ মৃত্যুত অসম সাহিত্য সভাত শোকৰ ছাঁ।









