বলিউডৰ বিশিষ্ট সংগীতজ্ঞ বাপ্পী লাহিড়ী আৰু নাই…

দেশবাসীৰ বাবে আন এক দুঃখবৰ।

বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক বাপ্পী লাহিড়ী আৰু নাই।

৬৯বছৰ বয়সত মুম্বাইৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সংগীতজ্ঞ গৰাকীয়ে।

বুধবাৰে পুৱাই মুম্বাইৰ জুহুৰ ক্ৰিটি কেয়াৰ হস্পিটেলত মৃত্যু হয় শিল্পী গৰাকীৰ।

উল্লেখ্য যে বাপ্পী লাহিড়ী কিছু দিন ধৰি অসুস্থ হৈ আছিল আৰু ক্ৰিটি কেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল।

বিগত বছৰত তেওঁৰ দেহত ধৰা পৰিছিল কোৰোনাৰ উপস্থিতি।

বাপ্পী লাহিড়ীয়ে সদায়েই সোণৰ অলংকাৰ পৰিধান কৰি ভাল পাইছিল। সোণৰ অলংকাৰ আৰু ক’লা চশমা আছিল তেওঁৰ আন এক পৰিচয়।

ডিঙিত ডাঠ সোণৰ চেইন আৰু হাতত ডাঙৰ সোণৰ আঙুঠিসহ বহুতো সোণৰ অলংকাৰ পৰিধান কৰাটো তেওঁৰ পৰিচয় আছিল।

বলীউডৰ প্ৰথম ৰক ষ্টাৰ গায়ক বাপ্পী লাহিড়ীৰ মৃত্যুত সমগ্ৰ বলিউডৰ লগতে দেশজুৰি শোকৰ ছাঁ পৰিছে।

Leave a Comment