বদৰুদ্দিন আজমলক মানসিক ৰোগীৰ সৈতে তুলনা সুমন হৰিপ্ৰিয়াৰ, ক’লে…

নিউজ ডেস্কঃ বদৰুদ্দিন আজমলে যি কথা কৈছে, মানসিক ৰোগীয়েও তেনে কথা নকয়। -এইদৰেই এইবাৰ এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিজেপি নেত্ৰী সুমন হৰিপ্ৰিয়া।

বদৰুদ্দিন আজমলে হিন্দুক লৈ কৰা অপমানজনক মন্তব্যক ক্ষুৰধাৰ সমালোচনা কৰি আজমলক মানসিক ৰোগীৰ সৈতে তুলনা কৰে সুমন হৰিপ্ৰিয়াই।

আজমলক ৰাজনীতি ত্যাগ কৰাৰ দাবী জনাই তেওঁ কয় যে বদৰুদ্দিন আজমল এতিয়া ৰাজনীতিত থকা উচিত নহয়।

তাৰ বিপৰীতে আজমলে জৰা-ফুকাতে এতিয়া ব্যস্ত হ’ব লাগে বুলিও মন্তব্য কৰে বিজেপি নেত্ৰীগৰাকীয়ে।

এতিয়া বিজেপিয়েহে বদৰুদ্দিন আজমলক পানী জাৰি দিব বুলিও কটাক্ষ কৰে সুমন হৰিপ্ৰিয়াই।

উল্লেখ্য যে, হিন্দুক লৈ কৰা আজমলৰ আপত্তিজনক মন্তব্যই এতিয়া সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

নিজৰ মন্তব্যৰ বাবে আজমলে ক্ষমা খুজিছে যদিও এতিয়াও শাম কটা নাই বিতৰ্কৰ।

ইতিমধ্যে বহু দল-সংগঠনে এআইইউডিএফৰ সাংসদ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।