নিৰ্মম! উচ্ছেদ চলাবলৈ আহি আৰক্ষীয়ে দলিয়াই দিয়া সামগ্ৰী বুটলিবলৈ গৈ ৰে’লৰ খুন্দাত চিৰদিনৰ বাবে ঘূণীয়া হ’ল পদপথৰ শাক-পাচলি বিক্ৰেতা…

নিউজ ডেস্কঃ উচ্চেদ চলাবলৈ আহি আৰক্ষীয়ে ৰেলপথৰ ওপৰত পেলাই দিয়া শাক-পাচলি বুটলিবলৈ গৈয়েই চিৰদিনৰ বাবে ঘূণীয়া হ’বলগীয়া হ’ল এজন ১৭ বছৰীয়া কিশোৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰত।

জানিব পৰা মতে, কানপুৰৰ ইন্দ্ৰ নগৰ ক্ৰছিঙত ৰেলপথৰ ওচৰতে শাক-পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছিল ১৭ বছৰীয়া আছলানে।

শুকুৰবাৰে সন্ধিয়া স্থানীয় আৰক্ষীয়ে অঞ্চলটোত উচ্চেদ অভিযান চলাবলৈ আহি পদপথৰ বিক্ৰেতা সকলৰ সামগ্ৰী এফালৰ পৰা দলিয়াবলৈ আৰম্ভ কৰে।

আৰক্ষীৰ দলটোৱে আছলানৰো শাক-পাচলিসমূহ ৰে’লপথৰ ওপৰত দলিয়াই দিয়াত দৰিদ্ৰ কিশোৰজনে ৰে’লপথৰ ওপৰত ঠিয় হৈ সেয়া পুনৰ বুটলি অনাৰ চেষ্টা চলায়।

কিন্তু সেই সময়তে এখন দ্ৰুতবেগী ৰে’লে আছলানক খুন্দা মৰাত সোঁভৰি খন চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হয় কিশোৰজনে।

বৰ্তমান সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছে আছলান।

ইফালে এই সমগ্ৰ ঘটনা আৰক্ষীৰ হেড কনিষ্টবল ৰাকেশ কুমাৰৰ গাফিলতিৰ বাবে সংঘটিত হোৱাৰ অভিযোগ কৰি ইতিমধ্যে নিলম্বন কৰা হৈছে হেড কনিষ্টবলজনক।

আৰক্ষীৰ নিৰ্দয়তাৰ বাবে এজন ১৭ বছৰীয়া কিশোৰ চিৰদিনৰ বাবে ঘূণীয়া হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ!