অসমঅসমীয়া

বটদ্ৰৱা কাণ্ডক লৈ বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া, ক’লে…

নিউজ ডেস্কঃ বটদ্ৰৱা কাণ্ডক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। অৰ্ধশতাধিক দুস্কৃতিকাৰীয়ে থানাৰ ভিতৰত প্ৰৱেশ কৰি অগ্নিসংযোগ কৰা কাৰ্যই আতংকিত কৰিছে সাধাৰণ নাগৰিকো।

বটদ্ৰৱাৰ এনে ভয়ংকৰ কাণ্ডক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংসদ তথা এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলেও। থানা জ্বলাই দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি আজমলে কয় যে এনে কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।

আনহাতে থানাৰ ভিতৰত ছফিকুল নামৰ যুৱকজনৰ কেনেদৰে মৃত্যু ঘটিবলৈ পালে বুলিও প্ৰশ্ন কৰে বদৰুদ্দিন আজমলে। ইয়াৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় তেওঁ।

আজমলে কয় যে থানা জ্বলাই দিয়াৰ সময়তো আৰক্ষীয়ে কিয় এটা গুলীও নুফুটোৱাকৈ চুপ-চাপ দৰ্শক হৈ থাকিল, তাৰো তদন্ত হ’ব লাগে।

ইফালে বটদ্ৰৱা কাণ্ডৰ পিছতে প্ৰশাসনে অভিযুক্তৰ ঘৰত চলোৱা উচ্ছেদ অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজমলে কয় যে ভিডিঅ’ৰ জৰিয়তে যদি ৫০ জনক চিনাক্ত কৰা হয়, তেন্তে সকলোকে আটক কৰক আৰু ন্যায় ব্যৱস্থাৰ জৰিয়তে শাস্তি দিয়া হওক, তাত ক’বলগীয়া একো নাই। কিন্তু প্ৰতিশোধমূলকভাৱে বুলড’জাৰ চলোৱা কাৰ্য উচিত নহয়।

এই সন্দৰ্ভতো মুখ্যমন্ত্ৰীক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় বদৰুদ্দিন আজমলে।

Leave a Reply

Your email address will not be published. Required fields are marked *