বজাৰত আটা ‘৪੦ টকা লিটাৰ’ত বিক্ৰী হৈছে! পুনৰ জিভা পিছলিল ৰাহুল গান্ধীৰ

নিউজ ডেস্ক। পুনৰ জিভা পিছলিল কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ।

মূল্যবৃদ্ধিৰ প্ৰতিবাদত দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছ দলৰ ‘হাল্লা বােল’ কাৰ্যসূচীৰ মঞ্চত ভাষণ দি থকা সময়তে ঘটে এই ঘটনা।

G3 1
বজাৰত আটা '৪੦ টকা লিটাৰ'ত বিক্ৰী হৈছে! পুনৰ জিভা পিছলিল ৰাহুল গান্ধীৰ 2

উল্লেখ্য যে ভাষণ প্ৰসংগত ৰাহুল গান্ধীয়ে বিভিন্ন সামগ্ৰীৰ মূল্য পূৰ্বৰ ইউপিএ চৰকাৰৰ দিনৰ সৈতে বৰ্তমানৰ এনডিএ চৰকাৰৰ সময়ৰ সৈতে তুলনা কৰে।

ভাষণ প্ৰসংগত ৰাহুল গান্ধীয়ে কেন্দ্ৰৰ ইউপিএ চৰকাৰৰ দিনত আটা প্ৰতি কিলােৰ সলনি ‘প্ৰতি লিটাৰ ২੦ টকা’ত বজাৰত উপলব্ধ হােৱা বুলি উল্লেখ বৰ্তমানৰ চৰকাৰৰ দিনত ‘৪੦ টকা লিটাৰত’ বিক্ৰী হৈ থকা বুলি কয়।

অৱশ্যে এই ভুল উপলব্ধি কৰি তেওঁ লগে লগে শুধৰাই দি পুনৰ লিটাৰৰ সলনি কিলাে বুলি উল্লেখ কৰে।

এই কথাখিনিকে সামাজিক মাধ্যমত ভাইৰেল কৰে বিজেপি দলৰ একাংশ নেতা-কৰ্মীয়ে। লগতে টুইটাৰত ট্ৰােলৰ সন্মুখীন হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী।