অসম

ফেচবুকত আলফাৰ সমৰ্থনত পোষ্ট দি পুনৰ জেললৈ এজন, বৰ্ষাশ্ৰীৰ পাছত এইবাৰ প্ৰমোদ…

বৰ্ষাশ্ৰীৰ পাছত এইবাৰ প্ৰমোদ!

ফেচবুকত আলফাৰ সমৰ্থনত পোষ্ট দি পুনৰ গ্ৰেপ্তাৰ হ’ল এজন যুৱক।

আলফাৰ সমৰ্থনত ৰাজহুৱা ভাৱে ফেজবুকত পোষ্ট দি এইবাৰ কলাইগাঁও’ত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল এগৰাকী ছাত্র।

গ্ৰেপ্তাৰ হোৱা ছাত্ৰ জন বৰঙাবাৰীৰ প্ৰমোদ কলিতা।

image 190

টংলা কলেজৰ চতুৰ্থ ষান্নাসিক’ৰ ছাত্র প্ৰমোদে দুদিনমান পূৰ্বে আলফাৰ সমৰ্থনত ফেচবুক’ত এটা পোষ্ট দিছিল।

সেই ফেচবুক পোষ্টৰ বাবেই দেওবাৰে কলাইগাও আৰক্ষীয়ে ছাত্র জনক গ্ৰেপ্তাৰ কৰে।

image 191

Case no 47/22. under Section 120(B)/121 /121(A) / Section 39 of UA(P) আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি ছাত্ৰ জনক ওদালগুৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, আলফাৰ সমৰ্থনত কবিতা লিখি দুমাহ ধৰি কাৰাগাৰত আছে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।

লগতে চাওকঃ

দুঃসাহসিক! চাইকেলসহ নৈত পৰিল এজন লােক, নৈত জাঁপ দি জীৱন ৰক্ষা কৰিলে দীপিকাই…

G3 1