আজি ৰাষ্ট্ৰপতি নিৰ্বাচন, কোন হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি…

আজি অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ।

সংসদ ভৱন আৰু বিধানসভা ভৱনত অনুষ্ঠিত হ’ব নিৰ্বাচন।

পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন

এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু আৰু বিৰোধীৰ যশোৱন্ত সিনহাৰ মাজত চলিব তীব্ৰ প্ৰতিদ্বন্দ্বিতা।

প্রতিজন সাংসদ আৰু বিধায়কৰ ভোটৰ মূল্য নিৰ্ধাৰণ কৰা হয় এই নিৰ্বাচনত।

৪৮০০ গৰাকী সাংসদ-বিধায়কে সাব্যস্ত কৰিব ভোটদান।

আনহাতে ২১ জুলাইত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনা।

image 173
আজি ৰাষ্ট্ৰপতি নিৰ্বাচন, কোন হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি... 2

লগতে ২৫ জুলাইত দেশৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিয়ে গৰাকীয়ে শপতগ্ৰহণ কৰিব।

দেশৰ আন আন ৰাজ্যৰ লগতে অসমৰ শাসকীয় আৰু বিৰোধী বিধায়ক, সাংসদসকল সাজু হৈছে নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে।

অসম বিধানসভাৰ ভোট কেন্দ্ৰত ভোটদান সাব্যস্ত কৰিব জনপ্ৰতিনিধি সকলে।

বিধানসভা ভোটকেন্দ্ৰত ১২৩ জন বিধায়কে সাব্যস্ত কৰিব ভোটদান।

আনহাতে কংগ্ৰেছ বিধায়ক ভৰত নৰহে দিল্লীত ভোটদান সাব্যস্ত কৰিব বুলি জানিব পৰা গৈছে।

১০ বজাত বিধানসভাত উপস্থিত হৈ নিজৰ ভোট প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যভেদে বিধায়কসকলৰো ভোটৰ মূল্য পৃথক পৃথক।

ৰাষ্ট্রপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল অন্ত পৰিব ২৪ জুলাইত।