গুৱাহাটী ৰেল ষ্টেচনত জব্দ ১ কোটি টকাতকৈও অধিক মূল্যৰ আফিং, দুজনক গ্ৰেপ্তাৰ…

গুৱাহাটী ৰেল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ আফিং।

ৰে’ল আৰক্ষীৰ অভিযানত জব্দ হয় আফিং খিনি।

ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে বিহাৰৰ দুজন যুৱকক।

প্লেট ফৰ্ম ত ঘূৰি আছিল যুৱক দ্বয়।

GRPৰ সন্দেহ উপজাত তালাচী চলাই যুৱক দুজনক।

পেন্টৰ ভিতৰত বিশেষ পকেট বনাই ভৰাই ৰাখিছিল আফিং খিনি।

গ্ৰেপ্তাৰ হোৱা যুৱক দুজন হৈছে- অভ্যাস কুমাৰ আৰু ছুমাল কুমাৰ।

জব্দকৃত আফিং খিনিৰ বজাৰ মূল্য ১ কোটি ৪ লাখ টকা বুলি GRPৰ সূত্ৰে প্ৰকাশ।

জানিব পৰা মতে, আফিং খিনি ডিমাপুৰৰ পৰা বিহাৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ধৃত দুই যুৱকে।