নিউজ ডেস্কঃ ফুটবল বুলিলে ক্ৰীড়াপ্ৰেমীৰ মাজত উন্মাদনাই সুকীয়া। ভাৰততো ফুটবলৰ জনপ্ৰিয়তা অন্য খেলতকৈ যথেষ্ট বেছি। বিশেষকৈ ফুটবল বিশ্বকাপৰ সময়ত এই খেলৰ প্ৰতি ক্ৰীড়াপ্ৰেমীৰ উন্মাদনা অধিক বৃদ্ধি পোৱা দেখা যায়।
ফুটবল খেলৰ প্ৰতি থকা অগাধ ৰাপৰ বাবেই ফিফা বিশ্বকাপ চাবলৈ চাৰিচকীয়া বাহনেৰে কাটাৰলৈ যাত্ৰা আৰম্ভ কৰিলে এগৰাকী ভাৰতীয় মহিলা ইউটিউবাৰে।

৩৩ বৰ্ষীয় নাজী নৌছি নামৰ ট্ৰেভেলাৰ আৰু ইউটিউবাৰগৰাকীয়ে ১৫ অক্টোবৰত কেৰালাৰ কান্নুৰৰ পৰা নিজৰ এছইউভি বাহনেৰে আৰম্ভ কৰিছে তেওঁৰ একক যাত্ৰা।
তেওঁৰ এই দুঃসাহসিক ভ্ৰমণৰ ফ্লেগ অফ কৰিছিল কেৰেলাৰ পৰিবহণ মন্ত্ৰী এণ্টনি ৰাজুৱে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বৰ্তমান কৰ্ণাটকত উপস্থিত হোৱা নাজী আৰু কিছুদিন পিছতে পুনে হৈ মুম্বাইত উপস্থিত হ’ব, য’ৰ পৰা তেওঁ চাৰিচকীয়া বাহনখন ওমানলৈ প্ৰেৰণ কৰি আগবাঢ়ি যাব।
মহিলা ইউটিউবাৰগৰাকীয়ে ইউ এ ই, বাহৰেইন, কুৱেইট আৰু চৌদি আৰৱৰ মাজেৰে পাৰ হৈ কাটাৰত উপস্থিত হোৱাৰ পৰিকল্পনা কৰিছে।
দোহাত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ ৮ দিনে পূৰ্বে ১০ ডিচেম্বৰৰ ভিতৰত কাটাৰত উপস্থিত হোৱাৰ লক্ষ্য লৈছে ভাৰতীয় মহিলাগৰাকীয়ে।
শেহতীয়াকৈ তেওঁ ক্ৰয় কৰা ক’লা ৰঙৰ মহিন্দ্ৰা থাৰখন এতিয়া কাটাৰৰ পতাকাৰ ৰঙেৰে ঢাকি থোৱা হৈছে। SUV খনত সকলো কোম্পানীৰে পৰাও বহুতো ষ্টীকাৰ আছে যিয়ে নৌছিক তেওঁৰ ৰোমাঞ্চকৰ যাত্ৰাৰ পৃষ্ঠপোষকতাত সহায় কৰিছে।
এক সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত নাজী নৌছীয়ে কয় যে তেওঁ আৰ্জেন্টিনাৰ কিংবদন্তি ফুটবলাৰ লিয়নেল মেছিৰ অনুৰাগী। বিশ্বকাপত আৰ্জেন্টিকাক সমৰ্থন জনাবলৈ তেওঁ এই দুঃসাহসিক যাত্ৰা আৰম্ভ কৰিছে।
লগতে তেওঁৰ এই ভ্ৰমণটোৱে অধিক সংখ্যক মহিলাৰ বাবে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ আগবাঢ়ি অহাৰ প্ৰেৰণা হিচাপে পৰিগণিত হোৱাটোও কামনা কৰে।
উল্লেখ্য যে, স্বামী নৌছাদ আৰু সন্তানৰ সৈতে ওমানত বাস কৰা ভাৰতীয় মহিলাগৰাকীয়ে পূৰ্বেও চাৰিচকীয়া বাহনেৰে ভাৰত আৰু নেপালৰ মাজেৰে কেইবাটাও একক যাত্ৰা সম্পন্ন কৰিছিল।









