ডেৰ বছৰত ৪০ লাখক চাকৰি দিলো কোনেও ক’ব নোৱাৰে দুৰ্নীতি হৈছে বুলিঃ পীযূষ হাজৰিকা

ফ্লপ শ্ব’ হ’ব কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’।

‘ডেৰ বছৰত ৪০ লাখক চাকৰি দিলো কোনেও ক’ব নোৱাৰে দুৰ্নীতি হৈছে বুলি’

এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাৰ।

তেওঁ কয়- এটা কথা সকলোৱে জানে যে, ভাৰত জোড়ো যাত্ৰা সকলোতকৈ চুপাৰ ফ্লপ হ’ব অসমত। কেইটামান বিশেষ অঞ্চলত ছেগা-চোৰোকাকৈ হ’ব যদিও তাতো সন্দেহ আছে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব নহাটো স্বাভাৱিক, কাৰণ লাজ পাবলৈ কোন আহিব।

নিজৰ সন্মান বচাবলৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব অসমলৈ নাহে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

ইয়াৰ মাজতে জিভা পিচল খালে মন্ত্ৰী গৰাকীয়ে।

চৰকাৰৰ উন্নয়নৰ কথা ক’বলৈ গৈ ডেৰ বছৰত ৪০ লাখক চাকৰি দিয়া বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই।