ফাৰ্মত কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

ফাৰ্মত কৰ্মৰত অৱস্থাতে যুৱকৰ ওপৰত ছিগি পৰিল বিদ্যুৎ পৰিবাহী তাঁৰ।

বিদ্যুৎস্পৃষ্ট হৈ থিতাতে মৃত্যু ঘটিল যুৱকজনৰ।

এই শােকাৱহ ঘটনাৰ স্থান লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শিমলুগুৰি।

3 16
ফাৰ্মত কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু 3

বিদ্যুৎস্পৃষ্ট হৈ শিমলুগুৰিৰ লেটেকুজানৰ পদ্ম বাহাদুৰ তামাং নামৰ এজন যুৱকৰ কৰুণ মৃত্যু।

জানিব পৰা মতে, যুৱকজনে চোছাইটি ফাৰ্মৰ কচুখেতিৰ বাবে গাঁত খান্দি থাকোতে ওপৰেৰে যোৱা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ প্ৰবাহিত তাঁৰ ছিঙি গাত পৰাত যুৱকজনৰ লগে লগে দেহৰ এটা অংশ জ্বলি যায় আৰু থিতাতে মৃত্যুৰ মুখত পৰে।

যুৱকজন প্ৰয়াত বল বাহাদুৰ তামাঙৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে।

যুৱক জনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ বিৰাজ কৰিছে।

লগতে চাওকঃ

ৰােলাৰ চলাই আৰক্ষীয়ে ধ্বংস কৰিলে শতাধিক শব্দ প্ৰদূষণকাৰী চাইলেন্সাৰ! চাওক ভিডিঅ’…

G5 12
ফাৰ্মত কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু 4

Leave a Comment