নিয়ন্ত্ৰণহীন ডাম্পাৰ! মহটিয়াই নিলে ঘাইপথৰ কাষৰ ৭ খনকৈ দােকান

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন অঞ্চলত একাংশ ডাম্পাৰ চালকৰ দৌৰাত্ম্যৰ বাবে নিতৌ পথ দুৰ্ঘটনা সংঘটিত হৈ অহাৰ মাজতে এইবাৰ এখন তীব্ৰবেগী ডাম্পাৰে মহটিয়াই ধ্বংস কৰিলে ৰাজপথৰ কাষত থকা ৭ খনকৈ দােকান।

এই ভয়ংকৰ দুৰ্ঘটনাৰ স্থান দৰং জিলাৰ দলগাঁৱৰ বেছিমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ।

vlcsnap 2022 02 22 18h07m23s141
নিয়ন্ত্ৰণহীন ডাম্পাৰ! মহটিয়াই নিলে ঘাইপথৰ কাষৰ ৭ খনকৈ দােকান 5

জানিব পৰা মতে, নিশা নম্বৰপ্লেট বিহীন এখন ডাম্পাৰে সংঘটিত কৰে এই দুৰ্ঘটনা।

তেজপুৰৰ পৰা মঙ্গলদৈ অভিমুখে যোৱা এই ডাম্পাৰখনৰ চালকে অত্যধিক মদ্যপান কৰি গাড়ী চলোৱা বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযােগ স্থানীয় লােকৰ।

vlcsnap 2022 02 22 18h07m40s399 1
নিয়ন্ত্ৰণহীন ডাম্পাৰ! মহটিয়াই নিলে ঘাইপথৰ কাষৰ ৭ খনকৈ দােকান 6

এই দুৰ্ঘটনাত প্ৰায় ৬ লাখ টকাৰ ক্ষয়-ক্ষতি হােৱা বুলি প্ৰকাশ কৰিছে দােকানকেইখনৰ গৰাকীয়ে।

দুৰ্ঘটনাৰ সময়তে দোকানৰ ভিতৰত থকা এজন লােক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

আঘাতপ্ৰাপ্ত ব্যক্তি গৰাকীক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

vlcsnap 2022 02 22 18h07m17s304
নিয়ন্ত্ৰণহীন ডাম্পাৰ! মহটিয়াই নিলে ঘাইপথৰ কাষৰ ৭ খনকৈ দােকান 7

ঘটনাৰ পাছতে প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক খবৰ দিয়া দলগাঁও আৰক্ষীয়ে ডাম্পাৰখন জব্দ কৰাৰ লগতে চালকজনক নিজ জিম্মাত লয়।

স্থানীয় স্থানীয় এনে উদণ্ড ডাম্পাৰ চালকসকলক নাকী লগাবলৈ প্ৰশাসনক দাবী জনাইছে।

লগতে চাওকঃ

ৰােলাৰ চলাই আৰক্ষীয়ে ধ্বংস কৰিলে শতাধিক শব্দ প্ৰদূষণকাৰী চাইলেন্সাৰ! চাওক ভিডিঅ’…

G5 12
নিয়ন্ত্ৰণহীন ডাম্পাৰ! মহটিয়াই নিলে ঘাইপথৰ কাষৰ ৭ খনকৈ দােকান 8

Leave a Comment