অসম

পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যান…

৫ মাহৰ পিছত পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যান।

ক’ভিড মহামাৰীৰ ফলত বিগত পাঁচ মাহে পৰ্যটকৰ বাবে বন্ধ হৈ আছিল উদ্যানখন। 

ক’ভিড পৰিস্থিতি কিছু শাম কটাৰ পাছতে ক’ভিড প্ৰটোকল মানি উদ্যান খন পৰ্যটকৰ বাবে মুকলি কৰে উদ্যান কৰ্তৃপক্ষই।

উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ লগে লগে উদ্যানখনৰ লগত জড়িত হৈ থকা শতাধিক কৰ্মচাৰীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে।

জানিব পৰা মতে ১ ছেপ্টেম্বৰ, ২০২১ বুধবাৰে পুনৰ মুকলি হোৱা উদ্যানখনলৈ স্থানীয় বহু লোকৰ আগমণ ঘটিছে।

উদ্যানখনৰ কৰ্তৃপক্ষইয়ো উদ্যানখনলৈ পৰ্যটকসকলক স্বাগতম জনাইছে।

তেওঁলোকে আহ্বান জনাইছে জৈৱ বৈচিত্ৰৰ লগতে অসমৰ থলুৱা সংস্কৃতি উপভোগ আৰু থলুৱা খাদ্যৰ সুৱাদ লবলৈ উদ্যানখনলৈ আহক।

পৰ্যটকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে  এইবাৰ কেইবাটাও নতুন অনুষ্ঠানৰ সংযোজন কৰিছে বুলি জনায় উদ্যান কৰ্তৃপক্ষই।

Leave a Reply

Your email address will not be published. Required fields are marked *