অসম

জয়ন্ত মল্লঃ কংগ্ৰেছৰ সভাপতিও বিজেপিলৈ আহিব বিচাৰে, কিন্তু উপায় নাই আমি নলওঁ…….

‘অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব। বহুতেই বিজেপিলৈ আহিব বিচাৰিছে, যিসকল খিলঞ্জীয়া তেওঁলোক আন দলত থাকিব নোৱাৰে।’

‘বাংলাদেশী মূলৰ মানুহ খিনিক আমাৰ প্ৰয়োজন নাই। কংগ্ৰেছৰ সভাপতিও বিজেপিলৈ আহিলে হয় কিন্তু উপায় নাই আমি নলওঁ কাৰণেহে আহিব পৰা নাই।’

এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাই।

বৰুৱাই লগতে কয়- ‘তেওঁলোক বাংলাদেশী মূলৰ মানুহ খিনিৰ লগত থাকিব লাগিব। বিপিএফ আমাৰ সহযোগী আছিল এটা সময়ত।তেওঁলোকে স্বীকাৰ কৰিছে কংগ্ৰেছত গৈ ভুল কৰিলোঁ বুলি।আমাৰ সৈতে যোগাযোগ আছে ,কিন্তু চামিল বা অহাৰ কথা এতিয়াও আলোচনা হোৱা নাই।’

আনহাতে ভৱানিপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰে বিজেপিলৈ অহা সন্দৰ্ভত তেওঁ কয়- শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমষ্টি এ আই ইউ ডি এফৰ দখলত থকাটো আমাৰ বাবে লজ্জাজনক আছিল।আজি খিলঞ্জীয়াৰ বিজয় হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *