পৰকীয়া প্ৰেমৰ ভংয়কৰ পৰিণতি! প্ৰেমিকৰ সহায়ত স্বামীক হত্যা পত্নীৰ, দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ…

নিউজ ডেস্কঃ মহানগৰীৰ ডাবল মাৰ্ডাৰ ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ এক নৃশংস হত্যাকাণ্ডই জোকাৰি গ’ল ওদালগুৰি জিলা।

এইবাৰ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতিত পত্নীৰ হাততে প্ৰাণ হেৰুৱাবলগীয়া হ’ল স্বামীয়ে।

কলাইগাঁৱৰ কছাৰীতল গাঁৱৰ গোসাঁইখাটৰ ৰাভা চুবাত সংঘটিত হয় এই লোমহৰ্ষক কাণ্ড।

প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰিলে পত্নীয়ে।

জানিব পৰামতে, গোসাঁইখাট গাঁৱৰ ৰাভা চুবাৰ প্ৰদীপ ৰাভা নামৰ লোকজনৰ নিশা বিছনাৰ পৰা পৰি মৃত্যু হোৱা বুলি পত্নীয়ে ৰাইজক জনায়।

ৰাইজে মৃতদেহটো শ্মশানলৈ নিয়াৰ ব্যৱস্থা কৰাৰ সময়তে মৃতকৰ দেহত আঘাতৰ চিন দেখি আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে তদন্ত কৰাত পত্নী প্ৰতিমা ৰাভাই চুবুৰীয়া প্রেমিক প্ৰণৱ ৰাভা ওৰফে বুবু ৰাভাৰ সহযোগত নিশা প্রায় ১ বজাত স্বামী প্রদীপ ৰাভাৰ ডিঙিত চেপি হত্যা কৰাৰ কথা স্বীকাৰ কৰে।

সুৰামত্ত হৈ প্ৰদীপ ৰাভাই সঘনাই পত্নীক অত্যাচাৰ কৰি অহাৰ পৰিণতিতে দুই সন্তানৰ মাতৃ প্রতিমাই প্ৰেমিকৰ সৈতে মিলি স্বামী প্রদীপ ৰাভাক হত্যা কৰা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে।

কলাইগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি হত্যাকাণ্ডটোৰ তদন্ত আৰম্ভ কৰিছে।