অসম

মেট্ৰিক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা, কোন কোন শিক্ষাৰ্থীয়ে পাব মাচুল ৰেহাই?

মেট্ৰিক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা।

ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ দিন।

২৫ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰৰ ভিতৰত শিক্ষাৰ্থীসকেল অনলাইন মাধ্যমত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব।

অনলাইন মাধ্যমত প্ৰ-পত্ৰ পূৰণৰ বাবে ছেবাই মুকলি কৰিছে এটা পৰীক্ষা প’ৰ্টেল।

সেই অনুসৰি ছেবাৰ Sebaregitration.in প’ৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব।

ইফালে ছেবাই জাৰি কৰা অধিসূচনা অনুসৰি যিসকল শিক্ষাৰ্থীয়ে ছয়মাহিলি পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল সেইসকল শিক্ষাৰ্থীয়ে প্ৰ-পত্ৰ পূৰণ কৰিব নোৱাৰিব।

অধিসূচনা অনুসৰি প্ৰ-পত্ৰ পূৰণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাৰ মাচুল ৬৫০ টকা ধাৰ্য কৰা হৈছে।

পৰীক্ষা কেন্দ্ৰৰ মাচুল ৩০০ টকা, প্ৰেক্টিকেল পৰীক্ষাৰ মাচুল ১৫০ টকা আদায় দিব লাগিব।

আনহাতে প্ৰতিখন শিক্ষানুষ্ঠানে আদায় দিবলগীয়া বাৰ্ষিক মাচুল হ’ল ৮০০ টকা।

অৱশ্যে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই মাচুল ৰেহাই দিয়া হৈছে।

যিসকল ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম সেই ছাত্ৰ-ছাত্ৰীয়ে এই মাচুল পৰিশোধ কৰিব নালাগে।

অৱশ্যে এইসকল ছাত্ৰ-ছাত্ৰীয়ে নৱম শ্ৰেণীত ৰোপণ কৰা গছৰ পুলিৰ ফটো আপলোড কৰিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *