অসম

প্ৰাদেশিকীকৰণ হ’ব বড়োভূমিৰ ২৬ খন মহাবিদ্যালয়ঃ মুখ্যমন্ত্ৰী…

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিখিল বড়ো ছাত্ৰ সন্থা(আবছু) আৰু বড়ো সাহিত্য সভাৰ প্ৰতিনিধিৰ সৈতে বড়ো চুক্তি অনুসৰি বড়োভূমিৰ শৈক্ষিক খণ্ডৰ উন্নয়ন সন্দৰ্ভত এক আলোচনাত মিলিত হয়।

জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত বিটিআৰ চুক্তিৰ ৬.৩ নং দফা ৰূপায়নৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

প্ৰতিনিধিবৰ্গৰ অনুৰোধ অনুসৰি বৈঠকত বিটিআৰৰ ২৬ খন ভেঞ্চাৰ মহাবিদ্যালয়ক প্ৰথম পৰ্যায়ত প্ৰাদেশিকীকৰণৰ সিদ্ধান্ত লোৱা হয়।

উচ্চ শিক্ষা বিভাগে মহাবিদ্যালয়সমূহৰ সাম্প্ৰতিক অৱস্থা, আন্তঃগাঁথনি, বৰ্তমানে থকা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ শিক্ষাগত অৰ্হতা, নতুন নিয়োগৰ প্ৰয়োজনীয়তা ইত্যাদি সন্দৰ্ভত যথাবিধি কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিব।

বৈঠকত ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ অনুসৰি বড়ো বসতিপ্ৰধান এলেকাত পৰ্যাপ্ত বড়ো ভাষাৰ শিক্ষকৰ পদ সৃষ্টি কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়। সকলোবোৰ চৰকাৰী আৰু প্ৰাদেশীকৃত মহাবিদ্যালয়ত একক কেডাৰৰ পদ সৃষ্টি কৰা হ’ব।

বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এক চৌহদ স্থাপন কৰাৰ উপৰি বিটিআৰত বিজ্ঞান আৰু আইন মহাবিদ্যালয় স্থাপন কৰা হ’ব।

বৈঠকত বড়ো ভাষাৰ বিশেষ টেট অনুষ্ঠিত কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *