অসম

বকোত বনকৰ্মীৰ গুলীত আহত মালবিকা দৈমাৰীলৈ ৫লাখ টকাৰ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ…

বকোত বনকৰ্মীৰ গুলীত আহত মালবিকা দৈমাৰীলৈ ৫লাখ টকাৰ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ।

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিখিল বড়ো ছাত্ৰ সন্থা(আবছু) আৰু বড়ো সাহিত্য সভাৰ প্ৰতিনিধিৰ সৈতে বড়ো চুক্তি অনুসৰি বিটিআৰত শৈক্ষিক খণ্ডৰ উন্নয়ন সন্দৰ্ভত এক আলোচনাত মিলিত হয়।

জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকতে বন্দাপাৰাত বনকৰ্মীৰ গুলীত আহত হোৱা মালবিকা দৈমাৰীলৈ সাহায্য ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, যোৱা ১০ ডিচেম্বৰত বকোৰ বন্দাপাৰাৰ চেখাদাৰীত বনকৰ্মীয়ে বন্যহস্তী খেদিবলৈ চলোৱা গুলীত নিহত হৈছিল দুবছৰীয়া কণমানি আৰ্বি দৈমাৰীয়ে।

লগতে আৰ্বি দৈমাৰীৰ মাতৃ মালবিকা দৈমাৰী বনকৰ্মীৰ গুলীত আহত হৈ বৰ্তমানেও গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে।

উক্ত ঘটনাৰ পিছতে দোষীক উচিত শাস্তি তথা ন্যায়াৰ দাবীৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগতে ৮ টাকৈ সংগঠনে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

ইয়াৰ পিছতে দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন বিভাগৰ গুলীচালনাত আঘাতপ্ৰাপ্ত হোৱা মালবিকা দৈমাৰীলৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত উন্নত চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে নিৰ্দেশ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *