প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নাথাকে চিকিৎসক-নাৰ্ছ, থাকে কেৱল বাদুলি!

নিউজ ডেস্ক। ঢকুৱাখানা বকুলগুৰি নদী কাষৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ দুৰৱস্থা।

চিকিৎসক-নাৰ্ছৰ অবিহনে থাকে বাদুলি।

ঢকুৱাখানা খেৰকটা দাংখোৱা আৰু ডিমৌগুৰি পঞ্চায়ত অৰ্ধ লক্ষাধিক লোকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ২০১২ চনতে দহখন বিচনাযুক্ত নদী কাষৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ নামেৰে বকুলগুৰিত স্থাপন কৰিছিল এখন চৰকাৰী চিকিৎসালয়।

লক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৰ দুৰৱস্থা দেখিলে হয়টো আপুনাৰো চকু কপালত উঠিব। কিয়নো স্বাস্থ্যকেন্দ্ৰটো কেৱল নামতহে মুকলি কৰা হ’ল। নাথাকে চিকিৎসক নাথাকে নাৰ্ছ।

এতিয়া কেন্দ্ৰটোত ৰোগীৰ পৰিৱৰ্তে আছে অসংখ্য বাদুলি। প্ৰতিটো দিনেই বন্ধ হৈ থাকে চিকিৎসালয়খনৰ দুৱাৰ।

ইপিনে চিকিৎসালয়খনৰ চিকিৎসক-নাৰ্ছ নথকাহেতুকে ৰোগীক নিব লগীয়া ঢকুৱাখানা অসামৰিক চিকিৎসালয়লৈ। যাৰবাবে ক’ভিড মহামাৰীৰ ভয়ানক পৰিস্থিতিৰ সময়ত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে বহুকেইখন ৰাইজ। বিশেষকৈ চিকিৎসা বিভাগে গুৰুত্ব অবিহনে পৰিত্যাক্ত হৈ পৰিছে স্বাস্থ্য কেন্দ্ৰটো।

চিকিৎসালয়খনৰ এনে দুৰৱস্থা দেখিও আহৰি নাই চিকিৎসা বিভাগৰ। যি সময়ত চৰকাৰ তথা স্বাস্থ্য বিভাগে নগৰৰ সমান্তৰালভাৱে গ্ৰামাঞ্চলৰ চিকিৎসা সেৱা উন্নত হোৱা বুলি দম্ভালি মাৰি আহিছে ঠিক তেনে সময়তে কিন্তু ঢকুৱাখানা বকুলগুৰি নদী কাষৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৱে প্ৰমাণ কৰি দিছে উন্নয়নৰ প্ৰকৃত ছবিখন।

এতিয়া ৰাইজৰ এটাই অনুৰোধ নতুন চৰকাৰখনৰ স্বাস্থ্য বিভাগলৈ, চৰকাৰখনে যাতে এই বিষয়টোত অধিক গুৰুত্ব দি ঢকুৱাখানা বকুলগুৰি নদী কাষৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোত যাতে উপযুক্ত চিকিৎসক-নাৰ্ছ নিয়োগ কৰে তাৰ বাবে আহ্বান জনাইছে অঞ্চলবাসী ৰাইজে।

Leave a Comment