পলাশবাৰীত ব্যতিক্ৰমী প্ৰতিবাদ আশাকৰ্মীৰ

নিউজ ডেক্স। দক্ষিণ কামৰূপৰ পলাশবাৰী ৰামপুৰ প্ৰাথমিক চিকিৎসালয়ৰ বৃহৎ সংখ্যক আশা কৰ্মীৰ দুৰ্দশা।

ৰাজ্যৰ আশা কৰ্মীসকলৰ অভাৱ-অভিযোগসমূহ প্ৰত্যক্ষভাৱে মুখ্যমন্ত্ৰীক অৱগত কৰাব বিচাৰে চিকিৎসক বিভাগৰ আশা কৰ্মচাৰীসকলে।

ৰামপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক বিভাগৰ মহিলা প্ৰসূতিৰ ৰক্ষণাবেক্ষণৰ কৰ্মৰ পৰা কভিড-১৯ ত ওতঃপ্ৰােত ভাৱে জড়িত হৈ থকা আশা কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে বিলম্ব কৰাত “নাম” গীতৰ হাত চাপৰিৰে এক প্ৰকাৰ ক্ষোভ প্ৰকাশ কৰে বৃহত্তৰ দক্ষিণ কামৰূপ অঞ্চলৰ আশা কৰ্মী সকলে।

যি সময়ত চিকিৎসক বিভাগত জনসাধাৰণৰ প্ৰাণ তথা ভগৱানৰূপে থিয় দিয়া আৰু ক’ভিডৰ সময়ত দিন-ৰাতি একাকাৰ কৰি নিজৰ জীৱনৰ সুৰক্ষাৰ কথা নাভাবি কৰ্মস্থলীত জড়িত হৈ থকা এইসকল আশা কৰ্মীয়ে দীৰ্ঘদিন চৰাকাৰী প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে।

এইক্ষেত্ৰত একাংশই তুচ্ছ্য জ্ঞান কৰাক লৈয়ো সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ সমস্যাসমূহৰ ভিতৰত সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা দিয়াৰ ব্যৱস্থা কৰা, আশা কৰ্মী, চিকিৎসক কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰণ কৰা, ৰাজ্য চৰকাৰৰ আন আন কৰ্মচাৰীয়ে পোৱা অন্যান্য সকলো সা-সুবিধাৰ আশা কৰ্মী, প্ৰযোজ্য কৰিবলৈ অসম চৰকাৰক আহ্বান জনাই।

Leave a Comment