দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকীত দেশজুৰি স্মৰণ, প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি…

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৩য় মৃত্যুবাৰ্ষিকী

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকীত দেশজুৰি স্মৰণ।

সমাধিস্থল ‘সদেৱ অটল’ত পুৱাই অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

অটল সমাধি স্থলীত উপস্থিত হৈ বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোডীৰ লগতে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু অন্যান্য বিজেপি নেতাও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুও উপস্থিত থাকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত।

২০১৮ চনৰ ১৬ আগষ্টত মৃত্যু হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ।

Leave a Comment