আজি কাতি বিহু, সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি ৰাজ্যজুৰি কাতি বিহু পালন…

আজি কাতি বিহু।

সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে কাতি বিহু পালনৰ ব্যাপক প্ৰস্তুতি।

কাতি বিহু পালনত ব্যস্ত ৰাজ্যৰ প্ৰতিঘৰ অসমীয়া।

প্ৰতিঘৰ অসমীয়াই পুৱাৰে পৰা ঘৰ-দুৱাৰ চাফ-চিকুণ কৰি ঘৰৰ চোতালত তুলসী পুলি ৰোৱা নাইবা পূৰ্বৰে পৰা থকা তুলসীৰ তল ভালদৰে মচি কাচি থোৱাত ব্যস্ত হৈ পৰিছে। তুলসীৰ ভেটি সজাত ব্যস্ত এতিয়া অসমীয়া লোক।

কাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই ঘৰ–দুৱাৰ, আলি–পদূলি পৰিষ্কাৰ–পৰিচ্ছন্ন কৰে। ঘৰৰ চৌপাশ সাৰি-মচি, ঘাঁহ-বন চিকুণাই সুন্দৰ কৰি থয়।

লোকবিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ–দুৱাৰ, চোতাল–পদূলি চফা হৈ থাকিলেহে লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে।

সন্ধিয়া এই তুলসী তলৰ উপৰি গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালিৰ সন্মুখত মাটিৰ চাকি জ্বলোৱা হয়।

গাঁৱৰ কিছু অঞ্চলত চহা অসমীয়াই মাটিৰ চাকিৰ সলনি অমিতা ফালি বা ঔটেঙাৰ বকলাও ব্যৱহাৰ কৰে।

তুলসীৰ তলত চাকি দি ঘৰৰ সকলো অপায় অমংগল দূৰ কৰি সুখ আহিবলৈ প্ৰাৰ্থনা জনাব।

উল্লেখ্য যে, অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।

জাতীয় জীৱনত কাতি বিহুৰ পৰম্পৰাই অসমীয়া সমাজখনৰ পৰিচয় দাঙি ধৰিছে। এই বিহুৰ স’তে জড়িত অনেক লোকাচাৰে অসমীয়া জাতিৰ সামাজিক সাংস্কৃতিক জীৱনক সমৃদ্ধ কৰি ৰাখিছে।

Leave a Comment