প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গােহাঁইৰ ঘৰত গ্ৰেনেড নিক্ষেপকাৰী ‘ব্ৰয়লাৰ’ গ্ৰেপ্তাৰ

নিউজ ডেস্ক। নগাঁও আৰক্ষীৰ জালত পৰিছে দুই কুখ্যাত অপৰাধী।

কেইবাটাও হত্যাৰ দৰে অপৰাধৰ সৈতে জড়িত দুই অপৰাধীক অৱশেষত আটক কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী।

নগাঁৱৰ জুৰিয়াৰ ইজ্জত আলী ওৰফে ব্ৰইলাৰৰ লগতে চাইদুল ইছলামক বিচাৰি নগাঁও আৰক্ষীয়ে দীৰ্ঘ দিনৰ পৰাই অভিযান চলাই আছিল যদিও আটক কৰিবলৈ সক্ষম হোৱা নাছিল।

অৱশেষত দেওবাৰে নিশা নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ লগতে নগাঁৱৰ নগৰ আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই জুৰিয়াৰ বুদ্ধিপাৰাৰ পৰা আটক কৰিবলৈ সক্ষম হয় অপৰাধী দুটাক।

ধৃত দুয়োটা অপৰাধী পেট্ৰল পাম্পৰ ডকাইতি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ বাসগৃহত গ্ৰেণেড নিক্ষেপ কৰা আদি কেইবাটাও অপৰাধৰ সৈতে জড়িত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

ধৃত ব্ৰইলাৰ আৰু ইজ্জত আলীৰ পৰা আৰক্ষীৰ দলটোৱে এটা পইণ্ট ২২ পিষ্টলৰ লগতে পাঁচ জাঁইকৈ সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে দেওবাৰৰ নিশাও এক ডকাইতৰ পৰিকল্পনাও কৰিছিল আটকাধীন দুই অপৰাধীয়ে।

Leave a Comment