১২ আগষ্টত মাতৃভূমি অসমত উপস্থিত হ’ব লাভলীনা বৰগোহাঁই, আদৰিবলৈ সাজু ৰাজ্য চৰকাৰ…

অলিম্পিকৰ পদক লৈ ১২ আগষ্টৰ পুৱা মাতৃভূমি অসমত উপস্থিত হ’ব লাভলীনা বৰগোহাঁই।

ইতিমধ্যে লাভলীনাক আদৰাৰ বাবে অসম চৰকাৰে সকলো প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে।

১২ আগষ্টত পুৱা গুৱাহাটী বিমান বন্দৰত পদাৰ্পন কৰাৰ লগে লগে লাভলীনাক অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাব।

লাভলীনাই বিমান বন্দৰৰ পৰা পোনে পোনে হোটেল তাজলৈ গৈ কিছু সময় জিৰণি ল’ব।

তাৰ পাছতে বিয়লি ৩ বজাত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লাভলীনাক আনুষ্ঠানিকভাৱে আদৰণি আৰু সম্ভাষণ জনোৱা হ’ব।

আজি বিয়লি বৰঝাৰ বিমান বন্দৰত ৰাজ্যৰ শক্তি আৰু ক্ৰীড়া মন্ত্ৰী বিমল বৰা উপস্থিত হৈ নিৰাপত্তা আৰু প্ৰশাসনিক সকলো দিশ পৰ্যবেক্ষণ কৰে।

ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আদৰণি পৰ্ব কিছু অনুষ্টুপীয়াকৈ আয়োজন কৰা হ’ব বুলি ক্ৰীড়া মন্ত্ৰী বৰাই জানিবলৈ দিয়ে।

ইপিনে সোমবাৰে দিল্লীত উপস্থিত হৈ লাভলীনাই কয়- ‘মই সকলোকে ধন্যবাদ জনাইছো। ঘৰলৈ উভতি আহি বৰ ভাল লাগিছে। মোৰ পৰৱৰ্তী লক্ষ্য হৈছে ২০২৪ চনৰ পেৰিছ অলিম্পিকত সোণৰ পদক জয় কৰা।’

Leave a Comment