ৰাষ্ট্ৰীয়

প্ৰসিদ্ধ ইতিহাসবিদ, পদ্ম বিভূষণ সন্মানেৰে সন্মানিত বাবাচাহেব পুৰন্দৰেৰ দেহাৱসান…

দেশৰ প্ৰসিদ্ধ ইতিহাসবিদ, পদ্ম বিভূষণ সন্মানেৰে সন্মানিত বাবাচাহেব পুৰন্দৰেৰ দেহাৱসান।

সোমবাৰে ৯৯ বছৰ বয়সত মৃত্যু ঘটে ভাৰতবৰ্ষৰ প্ৰসিদ্ধ ইতিহাসবিদগৰাকীৰ।

দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ সন্মানেৰে সন্মানিত হৈছিল বাবাচাহেব।

শনিবাৰে নিজাবাসভৱনৰ স্নানাগাৰত পৰি গুৰুতৰভাৱে আহত হোৱা ইতিবাসবিদগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

কিন্তু পিছলৈ অৱস্থা গুৰুতৰ হৈ পৰাত ভেণ্টিলেটৰত ৰাখে আৰু অৱশেষত সোমবাৰে পুৱাই তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেখেতৰ মৃত্যুক গভীৰ শোক প্ৰকাশ কৰে।

বাবাচাহেব পুৰন্দৰৰ কৰ্মৰাজীৰ বাবে সন্মান প্ৰদৰ্শন কৰি ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *