কামৰূপ মহানগৰ জিলাৰ নতুন উপায়ুক্ত হিচাপে পল্লৱ গোপাল ঝাৰ দায়িত্বভাৰ গ্ৰহণ…

কামৰূপ মহানগৰ জিলাৰ নতুন উপায়ুক্ত হিচাপে পল্লৱ গোপাল ঝাৰ দায়িত্বভাৰ গ্ৰহণ।

সোমবাৰে কামৰূপ মহানগৰ জিলাৰ সদ্য বিদায়ী উপায়ুক্ত বিশ্বজিৎ পেগুৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া পল্লৱ গোপাল ঝায়ে।

কাৰ্য্যভাৰ গ্ৰহণ কৰিয়ে নৱ-নিযুক্ত উপায়ুক্তগৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক আদৰণিমূলক সভাত অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া, সহকাৰী আয়ুক্তকে ধৰি বিষয়া সকলৰ সৈতে চিনাকী হয়।

FEOr-Lo-VVk-AUDJ6-X

উক্ত অনুষ্ঠানত উপায়ুক্ত পল্লৱ গোপাল ঝায়ে কামৰূপ মহানগৰ জিলাখনৰ উন্নয়নৰ স্বাৰ্থত কাৰ্যক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে পল্লৱ গোপাল ঝায়ে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

FEOr-K7f-VQAQOu-UG

ইপিনে, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুক ডিব্ৰুগড় জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।

Leave a Comment