অসম

প্ৰসংগঃ বিহু ধৰ্মীয় পৰ্ব! সিদ্ধাৰ্থ ভট্টাচাৰ্যক মূৰ্খ আখ্যা অখিল গগৈৰ…

শুক্ৰবাৰে সাংবাদিকৰ আগত পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিহুক ধৰ্মীয় পৰ্ব বুলি মন্তব্য কৰাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

এই মন্তব্যৰ বাবে বিধায়ক ভট্টাচাৰ্যক সমালোচনা কৰিছে বহুতেই।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে সিদ্ধাৰ্থ ভট্টাচাৰ্যক মূৰ্খ আখ্যা দিয়ে।

তেওঁ কয়- মূৰ্খইহে কয় বিহুত ধৰ্মৰ কিবা প্ৰভাৱ আছে। পৃথিৱীৰ ভিতৰত বিহুৱেই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ জাতীয় উৎসৱ। যাৰ সৈতে ধৰ্মৰ কোনো সম্পৰ্ক নাই।

‘যদি কোনো মূৰ্খই কয় বিহুৰ সৈতে ধৰ্মৰ সম্পৰ্ক আছে, তেন্তে সেইয়া মূৰ্খামিৰ বাহিৰে আন একো নহয়’-অখিল গগৈ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে মাৰোৱাড়ী যুৱ মঞ্চ, ডিব্ৰুগড়ৰ সৌজন্যত অনুষ্ঠিত কৰা লুইতপৰীয়া বিহু সন্মিলনখনিত বিহু সম্বন্ধীয় অনুষ্ঠান নাৰাখি হনুমান জন্মোৎসৱ শোভাযাত্ৰা অনুষ্ঠিত কৰা বিতৰ্কৰ প্ৰতিক্ৰিয়া প্ৰকাশ সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৰিছিল এক বিতৰ্কিত মন্তব্য।

তেওঁ কৈছিল-‘মাৰোৱাড়ী সম্প্ৰদায়ে বিহু পাতিবলৈ লৈছিল। সেই একে সময়তে হনুমান জয়ন্তী আছিল। যিহেতু দুয়োটা হিন্দুৰ পৰ্ব, সেয়ে তেখেত সকলে সেইভাৱে লৈছিল। যদি বিহু ধৰ্মীয় পৰ্ব নহয় তেন্তে হুচৰি গোৱাৰ আগত ৰাম বা কৃষ্ণৰ নাম লৈ কিয় আৰম্ভ কৰা হয়। বিহু নি:সন্দেহে ধৰ্মীয় পৰ্ব।’

তেওঁ আৰু কৈছিল-‘বেলেগে পাতে নাপাতে তেওঁলোকৰ কথা। খ্ৰীষ্টমাছ পাতিলেই আমি খ্ৰীষ্টান হৈ নাযাও বা ইফটাৰ খালেই আমি মুছলমান হৈ নাযাও। কিন্তু যদি নিৰপেক্ষভাৱে চাই তেন্তে দেখিব ই ধৰ্মীয় পৰ্ব।’

Leave a Reply

Your email address will not be published. Required fields are marked *