অসম

মানুহ থাকিলে অপৰাধ হ’বই, যদি অপৰাধ নহয় তেন্তে আৰক্ষীৰ কামেই নাথাকিবচোনঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।

তাৰ মাজতে ৰাজ্যত প্ৰায়ে সংঘটিত হৈ আহিছে বিভিন্ন অপৰাধজনীত ঘটনা।

শুক্ৰবাৰে গুৱাহাটী মহানগৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা।

হাতীগাঁৱত এগৰাকী কাৰ্বি যুৱতী কামনাৰ বলি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হাতীগাঁও কাৰ্বি যুৱতী কামনাৰ বলি হোৱা ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয়- ‘অপৰাধ এটা দুটা হ’বই। কিন্তু ৩০ শতাংশ অপৰাধ কমিছে।’

‘মানুহ থাকিলে অপৰাধ হ’বই, যদি অপৰাধ নহয় তেন্তে আৰক্ষীৰ কামেই নাথাকিবচোন বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ।

‘কিন্তু য’তেই অপৰাধ হ’ব মই নিশ্চিত যে, আৰক্ষীয়ে তাৰ ব্যৱস্থা ল’ব।’-মুখ্যমন্ত্ৰী।

লগতে চাওকঃ

অহা ২ মে’ত আছিল বিয়া! কিন্তু তাৰ পূৰ্বেই পিতৃ-মাতৃ আৰু ২ ভগ্নীৰ সৈতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বৃদ্ধিয়ে

G3 21

Leave a Reply

Your email address will not be published. Required fields are marked *