অসমঅসমীয়া

অবৈধভাৱে প্ৰৱেশ! ইউক্রেইনৰ দুই নাগৰিকক আটক অসম আৰক্ষীৰ…

নিউজ ডেস্ক। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত থকা যুদ্ধৰ মাজতে অসমত অবৈধভাৱে প্ৰৱেশ কৰা ইউক্ৰেইনৰ দুই নাগৰিকক আটক।

কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰেল ষ্টেচনত ইউক্ৰেইনৰ নাগৰিকদ্বয়ক আটক কৰে আৰক্ষীয়ে।

এই লোকদুজন ত্ৰিপুৰা সুন্দৰী ৰেলেৰে উপস্থিত হয়।

G2 26

লোক দুজন ক্রমে ত্রিছচিপ্সকী ভল’ডিমীৰ (৩৯) আৰু নাজাৰী ভজনিউক (২১) বুলি চিনাক্ত কৰা হৈছে।

তেওঁলোক ক্রমে ইউক্রেইনৰ ঝিব’মিৰ আৰু ঝিট’মিৰস্কি অঞ্চলৰ বাসিন্দা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে।

লোক দুজনে ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত দেশ এৰি আহিছে নে আন কোনো উদ্দেশ্যে ভাৰতত প্ৰৱেশ কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

G3 20

ইতিমধ্যে চোৰাংচোৱা সংস্থাৰ শীৰ্ষ বিষয়া ৰেল ষ্টেচনত উপস্থিত হৈ বিদেশী লোক দুজনক সোধ-পোছ আৰম্ভ কৰিছে।

লগতে তেওঁলোকৰ স’তে উদ্ধাৰ হোৱা নথিপত্ৰসমূহো পৰীক্ষা কৰি আছে।

উল্লেখ্য যে শেহতীয়াকৈ বাংলাদেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে ত্ৰিপুৰাত অনুপ্ৰৱেশ কৰি অসম আৰু মেঘালয় হৈ দেশৰ অন্যান্য প্ৰান্তলৈ যাত্ৰা কৰা বহু সংখ্যক বাংলাদেশী, ৰােহিংগিয়া আৰু নাইজেৰিয়ান নাগৰিকক অসম আৰু মেঘালয় আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *