প্ৰসংগঃ আকাশবাণী ডিব্ৰুগড়, অসমীয়া বাতৰিৰ বুলেটিন বন্ধৰ সিদ্ধান্ত সন্দৰ্ভত এই পদক্ষেপ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

নিউজ ডেস্কঃ ব্যয় সংকোচনৰ দোহাই দি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া বুলেটিনখন বন্ধ কৰাৰ বাবে প্ৰসাৰ ভাৰতীয়ে গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যত।

অসমৰ পৰা ইটোৰ পিছত সিটো কৌশলেৰে অসমীয়া ভাষা নিঃশেষ কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই ক্ষুণ্ণ কৰিছে সচেতন মহলক।

যাৰ বাবে বিভিন্নজনে এই সন্দৰ্ভত ক্ষোভ ব্যক্ত কৰাৰ পিছতে ডিব্ৰুগড়স্থিত নিজ বাসগৃহত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয় ববীয়াৰ সৈতে এক আলোচনাত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

এই আলোচনাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টেলিফোন যোগে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ সচিব অপূৰ্ব চন্দাৰ সৈতে বাৰ্তালাপ কৰি কেন্দ্ৰটোৰ অসমীয়া ভাষাৰ বুলেটিন বন্ধ কৰাৰ সিদ্ধান্তৰ বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, আকাশবাণী ডিব্ৰুগড়ৰ কেন্দ্ৰযোগে সম্প্ৰচাৰিত হৈ অহা অসমীয়া আঞ্চলিক বাতৰিৰ ৫ মিনিটৰ বুলেটিনখন যোৱা ২৫ অক্টোবৰৰ পৰা বন্ধ কৰিছে প্ৰসাৰ ভাৰতীয়ে।

ব্যয় সংকোচনৰ দোহাই দি এই বুলেটিনখন বন্ধ কৰা হৈছে।