আশ্বৰ্যকৰ! দীপাৱলী উপলক্ষ্যে ৰেহাই মূল্যত অনলাইন অৰ্ডাৰ কৰিছিল লেপটপ, আহিল এটা প্ৰকাণ্ড শিল, তাৰ পিছত…

নিউজ ডেস্কঃ অনলাইন শ্বপিঙৰ নামত প্ৰৱঞ্চিত হোৱাৰ বহু ঘটনা শেহতীয়াকৈ সংঘটিত হৈছে।

এইবাৰ অনলাইন শ্বপিং প্লেটফৰ্মত লেপটপ অৰ্ডাৰ কৰি এটা শিলহে লাভ কৰিলে এগৰাকী গ্ৰাহকে।

এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ মাংগালুৰুত।

দৰাচলতে দীপাৱলী আৰু উৎসৱৰ বতৰ উপলক্ষ্যে বিভিন্ন ধৰণৰ ৰেহাই প্ৰদান কৰিছে অনলাইন শ্বপিং প্লেটফৰ্মসমূহে।

মাংগালুৰুৰ নিৱাসী চিন্ময় ৰমানা নামৰ যুৱকজনেও উৎসৱৰ বতৰৰ ৰেহাইৰ সুযোগ লৈ অনলাইন শ্বপিং চাইট ফ্লিপকাৰ্টত এটা লেপটপ অৰ্ডাৰ দিয়ে।

কিন্তু অৰ্ডাৰ ডেলিভাৰ হোৱাৰ পিছত পেকেট খুলি চকু থৰ লাগে চিন্ময় ৰমানাৰ। কাৰণত ডেলিভাৰ কৰা বক্সটোৰ ভিতৰত লেপটপৰ পৰিৱৰ্তে আছিল এটা প্ৰকাণ্ড শিল আৰু কিছু ইলেক্ট্ৰনিক সামগ্ৰীৰ আৱৰ্জনা।

ইয়াৰ পিছতে চিন্ময় ৰমানাই এই সমগ্ৰ ঘটনা ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰে।

অৱশ্যে গ্ৰাহকজনে এই সন্দৰ্ভত ফ্লিপকাৰ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত পৰৱৰ্তী সময়ত ফ্লিপকাৰ্টে গ্ৰাহকজনে লেপটবৰ বাবে পৰিশোধ কৰা ধন ঘূৰাই দিয়া বুলি আন এটা পোষ্টত জনায় চিন্ময় ৰমানাই।

মানুহৰ মাজত অনলাইন শ্বপিঙৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পোৱাৰ সময়ত একাংশ শ্বপিং প্ৰতিষ্ঠানই গ্ৰাহকক কৰা প্ৰৱঞ্চনাই স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।