প্ৰশ্নকাকত ফাদিল! মেট্ৰিকতে ইমান বেমেজালি, নিযুক্তি পৰীক্ষাতো ৰৈ গৈছিল নেকি বিসংগতি…

নিউজ ডেস্কঃ গা নলৰে! লৰিবনো কেনেকৈ? জনতাই দিয়া বহুমতৰ ভোজ খাই হাতীৰ দৰে শক্তিশালী হৈ পৰা সকলক প্ৰশ্নকাকত ফাদিলৰ দৰে সৰু বতাহ এজাকে লৰাবই নোৱাৰে!

১৬ মাৰ্চত বিধানসভাত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে। শিক্ষা খণ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাজেটত লোৱা হ’ল।

কিন্তু একেদিনাই নিশা বাতিলো কৰিবলগীয়া হ’ল মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষা।

১৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া অসমীয়াৰ পৰীক্ষাৰ পূৰ্বেই হেনো ফাদিল হ’ল প্ৰশ্নকাকত। ঠিক বিজ্ঞানৰ পৰীক্ষাৰ আগদিনাৰ দৰেই।

সেহেয়ে উপায়ন্তৰ হৈ ছেবা আৰু শিক্ষা বিভাগে ঘোষণা কৰিলে- ১৮ মাৰ্চত পৰীক্ষা অনুষ্ঠিত নহয়।

এতিয়া এটা নতুন তাৰিখ ঘোষণা কৰা হৈছে। ১ এপ্ৰিলত অনুষ্ঠিত হব মাতৃভাষাৰ পৰীক্ষা।

এমহীয়া বিহু পাতি অভিলেখ ৰচনা কৰিবলৈ আগবঢ়া অসম চৰকাৰখনে এতিয়া এমহীয়াকৈ পৰীক্ষাও উদযাপন কৰাত নামি পৰিছে!

এইখন অসমত কি কি ঘটনা নঘটে। কেতিয়াবা যদি ছেবাৰ কাৰ্যালয়ৰ পৰাই গৰুৱে খাই নিঃশেষ কৰে উত্তৰ বহী। আন কেতিয়াবা আকৌ জুইত জ্বলি ভষ্মীভূত হয়।

এতিয়া ইখনৰ পিছত সিখন প্ৰশ্নকাকত ফাদিল! প্ৰথমে ইংৰাজী, গণিত। শেহতীয়াকৈ বিজ্ঞান আৰু এতিয়া অসমীয়া!

চিআইডিৰ তদন্ত আৰম্ভ হৈছে। কেইবাজনকো আটক কৰা হৈছে। অসমীয়াৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে প্ৰণৱ দত্ত নামৰ এজন শিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে।

কোৱা হৈছে যে তেঁৱেই এই প্ৰশ্নকাকত ফাদিল কাণ্ডৰ খলনায়ক। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিতে পোহৰলৈ আহিছিল অসমীয়াৰ প্ৰশ্নকাকত ফাদিল কাণ্ড!

ছেবা, শিক্ষামন্ত্ৰী, অসম চৰকাৰৰ বাবে এয়া এক সাধাৰণ কথা হ’লেও পৰীক্ষাৰ্থীসকল আৰু অভিভাৱকৰ বাবে এয়া মুঠেও সাধাৰণ কথা নহয়।

বহু পৰিশ্ৰম আৰু অধ্যাৱসায়ৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই অৱশেষত যেতিয়া তেওঁলোকে জানিব পাৰে যে পৰীক্ষাই বাতিল হ’ল, তেতিয়া মানসিকভাৱে ভাগি পৰে।

বিজ্ঞানৰ প্ৰশ্নকাকত যেতিয়া ফাদিল হৈছিল, শাসকীয় দলৰ বিধায়ক চক্ৰ গগৈয়ে তেতিয়া সংবাদ মাধ্যমৰ সন্মুখত কৈছিল- প্ৰশ্নকাকতহে ফাদিল হৈছে, দেশ উলটি যোৱা নাই।

দেশ উলটি নগ’লেও শিক্ষাৰ্থীৰ ভৱিষ্যত যে উলট পালট হৈছে এনে কাণ্ডৰ বাবে, সেয়া হয়তো হাতীৰ দৰে শক্তিশালী বিধায়কে নাজানেই।

বিতৰ্কত এতিয়া ছেবা। প্ৰশ্ন উঠিছে- সামান্য মেট্ৰিক পৰীক্ষাটোৱেই নিয়াৰিকৈ অনুষ্ঠিত কৰিব নোৱাৰা ছেবাই বিগত বৰ্ষত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ ২৬ হাজাৰ চৰকাৰী পদৰ নিযুক্তি কিদৰে অনুষ্ঠিত কৰিছিল?

২০২২ বৰ্ষৰ আগষ্ট আৰু ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় ২৬ হাজাৰ খালী পদৰ নিযুক্তি পৰীক্ষা।

চৰকাৰে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বও অৰ্পণ কৰিছিল ছেবাৰ হাতত।

কিন্তু নিযুক্তি পৰীক্ষাৰ পূৰ্বে বহু অভিযোগ উত্থাপন হৈছিল। ভিক্টৰ দাস নামৰ এজন যুৱকে অভিযোগ উত্থাপন কৰিছিল নিযুক্তি পৰীক্ষাত সংঘটিত হোৱা অনিয়মৰ কথা।

এই অভিযোগৰ পিছত ভিক্টৰৰ বিৰুদ্ধে দমনমূলক নীতিও গ্ৰহণ কৰিছিল চৰকাৰে। অভিযোগকাৰীকেই অভিযুক্ত সজাই কাৰাবন্দী কৰিও ৰাখিছিল।

পুৰণি চৰকাৰৰ ভুলবোৰ সোঁৱৰাই নিকা আৰু স্বচ্ছ নিযুক্তি সম্ভৱ হোৱা বুলি দাবী কৰা অসম চৰকাৰে অৱশ্যে সেই সময়তো বহু অভিযোগৰ তদন্ত কৰাৰ পৰা বিৰত থাকিল।

যাৰ বাবে তেতিয়াও বহু প্ৰাৰ্থী আৰু অসমৰ নাগৰিকৰ মনত এই প্ৰশ্ন উত্তৰবিহীনভাৱে থাকি গ’ল- সঁচাকৈয়ে নিযুক্তি পৰীক্ষাত বিসংগতি হৈছিল নেকি?

একেটা প্ৰতিষ্ঠান অৰ্থাৎ ছেবায়েই অনুষ্ঠিত কৰিছে মেট্ৰিক পৰীক্ষা। আৰু পৰীক্ষা অনুষ্ঠিত হোৱাৰ দিনটোৰে পৰা উত্থাপন হৈছে নানান অভিযোগৰ।

কঠোৰ নিৰাপত্তাৰ মাজতো ক’ৰবাত যদি নকলৰ সোঁত বৈছে, আন ক’ৰবাত আকৌ শিক্ষকেই লিখি দিছে শিক্ষাৰ্থীৰ প্ৰশ্নোত্তৰ। সমান্তৰালভাৱে ভাইৰেল হৈছে পৰীক্ষাৰ প্ৰশ্নকাকত!

শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে এনেবোৰ ঘটনাৰ পিছতো তৰল মন্তব্য কৰি মূল বিষয়ৰ পৰা আঁতৰি থকা যেন লাগিছে।

সকলো বিষয়ত হস্তক্ষেপ নকৰিলে কাম নিসিজা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পৰা একপ্ৰকাৰ আঁতৰিয়েই ফুৰিছে।

এই মুহূৰ্তত এনে কোনো মন্তব্য কৰা নাই মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱাৰ দৰে বহুবল্কী শাসকীয় নেতাইও যি শুনি সন্তুষ্ট হ’ব পাৰি।

প্ৰতিবাদ হৈছে। ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰিছে, অভিভাৱকে প্ৰতিবাদ কৰিছে, ছাত্ৰ সংগঠনসমূহে প্ৰতিবাদ কৰিছে।

কিন্তু এই প্ৰতিবাদৰ কি কাম? এয়া ফাগুনৰ বতৰ। ফাগুনত জানো বতাহ নবলে?

প্ৰশ্নকাকত ফাদিল বিষয়টোও ফাগুনৰ এজাক পাতল বতাহৰ দৰেই শাসক তন্ত্ৰৰ বাবে। হাতীৰ দৰে শক্তিশালী তেওঁলোকৰ নোম এডালো এই বতাহে লৰাব নোৱাৰে।