প্ৰশ্নকাকত ফাদিল কাণ্ড! লখিমপুৰ থানাত আত্মসমৰ্পণ মূল অভিযুক্ত প্ৰধান শিক্ষক কুমুদ ৰাজখোৱাৰ…

নিউজ ডেস্কঃ আৰক্ষী সঞ্চালকপ্ৰধানৰ সকিয়নীৰ পিছতে আত্মসমৰ্পণ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ মূল অভিযুক্ত কুমুদ ৰাজখোৱাৰ।

লখিমপুৰ থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে শিক্ষকগৰাকীয়ে।

উল্লেখ্য যে, লখিমপুৰৰ ডফলাকটা জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক কুমুদ ৰাজখোৱা।

তেওঁৰ বাসগৃহৰ পৰা চিআইডিয়ে উদ্ধাৰ কৰে জ্বলাই দিয়া প্ৰশ্নকাকতৰ অৱশিষ্ট।

ইতিমধ্যে সেই অৱশিষ্ট টুকুৰা প্ৰেৰণ কৰা হৈছে ফৰেনচিক পৰীক্ষাৰ বাবে।

আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে প্ৰকাশ কৰা মতে, কুমুদ ৰাজখোৱাৰ বাবেই উজনি অসমত ফাদিল হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত।

অন্যহাতে লখিমপুৰ থানাত আত্মসমৰ্পণ কৰি প্ৰশ্নকাকত ফাদিলৰ সৈতে কোনো ধৰণে জড়িত নহয় বুলি মন্তব্য শিক্ষকগৰাকীৰ।

উল্লেখ্য যে, এই ঘটনাৰ সৈতে জড়িত আন এজন অভিযুক্ত প্ৰণৱ দত্তকো গ্ৰেপ্তাৰ কৰিছে চিআইডিয়ে।

অভিযুক্ত প্ৰণৱ দত্তৰ সৈতে কুমুদ ৰাজখোৱাৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলি মন্তব্য আৰক্ষীৰ।