নিউজ ডেস্কঃ জুৱা খেলৰ অভিযোগত আটক এগৰাকী প্ৰাক্তন বিধায়ক।
ডিব্ৰুগড়ৰ বৈৰাগীমঠ অঞ্চলত অভিযান চলাই আৰক্ষীয়ে আটক কৰে প্ৰাক্তন বিধায়কগৰাকীৰ লগতে আন ৬ জনক।
অভিযোগ অনুসৰি, জুৱা খেলত অংশ লৈছিল নাহৰকটীয়াৰ প্ৰাক্তন অগপ বিধায়ক নৰেন সোনোৱালে।
ইফালে আৰক্ষীয়ে আটক কৰা আন অভিযুক্ত কেইজন হৈছে মুকুল ঘোষ, মেহেৰুজ আহমেদ, দীপেন্দ্ৰ দত্ত, হৃত্বিক বৰুৱা, আব্দুল ৰছিদ আৰু দীপক ৰঞ্জন।
অভিযুক্ত বিধায়কসক আটাইকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।









