ৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান…

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান।

কৰ’নাকালীন পৰিস্থিতিত দেশখনলৈ ভাৰতে আগবঢ়োৱা সহযোগিতাৰ বাবে এই সন্মান প্ৰধানমন্ত্ৰী মোডীক প্ৰদান কৰিছে ভূটানে।

ভূটানৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দেশৰ সৰ্বোচ্চ অসমাৰিক সন্মানেৰে সন্মানিত কৰাৰ সিদ্ধান্তত আমি অত্যন্ত সুখী।

ভূটান চৰকাৰে দেশখনৰ নাগৰিকক উদ্দেশ্য কৰি কৈছে যে, তেওঁলোকে সদায় প্ৰধানমন্ত্ৰী মোডীক এজন মহান আৰু আধ্যাত্মিক ব্যক্তি হিচাপে চাই আহিছে। ভূটানে প্ৰধানমন্ত্ৰী মোডীক তেওঁলোৰ দেশভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে।

উল্লেখ্য যে কৰ’না মহামাৰীৰ সময়ত ভাৰতে চুবুৰীয়া ভূটানক বিভিন্নধৰণে সহায় কৰিছিল।

ক’ভিড ভেকচিন প্ৰদানকে ধৰি বহু কেইটা বিষয়ত ভূটানক সহায় কৰা ভাৰতে কেইবাটাও বিষয়ত সহযোগিতাৰে কাম কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *