অসম

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত শৰ্মাই অৱগত কৰিলে প্ৰধানমন্ত্ৰীক।

এই সাক্ষাতৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে চাংসাৰিত নিৰ্মাণ কাৰ্য চলি থকা এইমছখন অহা বছৰ উদ্বোধনৰ বাবে প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনাবলৈ আহিছিল।

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৰ্তমান ৰাজ্যৰ ৰাজনৈতিক দৃশ্যপটৰ লগতে শেহতীয়া উপ-নিৰ্বাচনত হোৱা বৃহৎ বিজয় আদি সম্পৰ্কে আলোচনা কৰে।

ইয়াৰ উপৰি ড০ শৰ্মাই প্ৰধানমন্ত্ৰী মোদীক কাজিৰঙাৰ এলিভেটেড কৰিডৰ, মিছন বসুন্ধৰাকে ধৰি অসমৰ কেইবাটাও উন্নয়নৰ বিষয়ে অৱগত কৰে।

ৰাজ্য চৰকাৰৰ কামৰো প্ৰতিবেদন জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীক।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি দিল্লী ভ্ৰমণৰ সময়ত ড০ শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰীৰ লগতে আন কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *